আশাৰ উদ্বিগ্নতা, আকাংক্ষাৰ আকুলতা আৰু প্ৰাপ্তিৰ দৃঢ়তাৰ এক পৰিচয় হ’ল কন্যকা। কিংবদন্তিৰ আঁত ধৰি পোৱামতে গিৰিৰাজ হিমালয়ৰ পাদদেশত এক প্রাকৃতিক পৰিবেশত শ্ৰবন মুনিয়ে এবাৰ গভীৰ ধ্যানত নিমগ্ন হ’ল। মুনিৰাজৰ ধানৰ গভীৰতাত দেবলোক চিন্তিত আৰু ত্ৰাসিত হ’ল। মুনিৰাজৰ ধ্যান ভংগ কৰিবৰ বাবে চন্দ্ৰ দেৱতাক দায়িত্ব দিলে আৰু স্বৰ্গত অতি উত্তমা আৰু মনোৰমা অপ্সৰা পুলোমাক প্ৰেৰণৰ সিন্ধান্ত ল’লে। পুলোমা সাহিতে চন্দ্রদেৱ মুনি শ্ৰবনৰ আশ্রম পালেগৈ। দুয়ো আশ্ৰমৰ নৈসর্গিক শোভাৰ মাজত বিচৰণ কৰি থাকোঁতেই কামাগ্নিৰ দহনত আক্ৰান্ত হৈ পৰৱৰ্তী সময়ত এটি দেৱকন্যাৰ জন্ম দিলে। দেৱৰাজৰ আদেশ আৰু স্বকৰ্মৰ প্ৰতি কাণসাৰ নিদিয়াত দুয়ো ভয়তে কন্যা শিশুটিক মনে মনে ধ্যানমগ্ন ঋষিৰ চৰণ তলত শুৱাই থৈ তাৰ পৰা প্ৰস্থান কৰিলে। সময়ান্তত শিশু কন্যাটিৰ কান্দোনত শ্ৰবন মুনিৰ ধ্যান ভংগ হ’ল আৰু চৰণ সমীপত কন্যা শিশুটি দেখি আচৰিত হ’ল। লগতে শিশুটিক আঁকোৱালি লৈ আশ্ৰমৰ পুৰ্ণকুটিত প্ৰৱেশ কৰিলে। আশ্ৰমৰ পৰিবেশত লালিতা পালিতা হোৱা এই কন্যাটিৰ নাম থ’লে ‘কন্যকা’। সময় গতিত এই কন্যাটি ভৰযৌৱনা হ’ল। সেই সময়তে এদিন দেৱাদিদেৱ মহাদেৱ মৃগয়াৰ সন্ধানত আহি শ্ৰবন মুনিৰ আশ্রম পালে আৰু জিৰণি লোৱাৰ মানসেৰে আশ্ৰমত প্ৰৱেশ কৰিলে। মুনিবৰেও মহাদেৱক সাক্ষাততে পাই অতি আনন্দিত হ’ল আৰু আতিথ্য গ্ৰহণৰ বাবে প্ৰাৰ্থনা জনালে। মুনিৰ অতি সুদর্শনা পুত্ৰীসম কন্যকাক মহাদেৱৰ সেবাৰ দায়িত্ব অৰ্পণ কৰিলে। কন্যকায়ো অতি আদৰ-যত্নৰে মহাদেৱৰ সেৱাত ব্ৰতী হ’ল। আৰু মহাদেৱৰ প্রতি আকৃষ্ট হৈ তেওঁক স্বামীৰূপে পোৱাৰ কামনা পোষণ কৰিলে। মহাদেৱে আশ্রম এৰাৰ পিছত কন্যকাই এই অভিলাষৰ কথা মুনিক ব্যক্ত কৰিলে আৰু মুনিৰ উপদেশমতেই দেৱী কন্যকাই হিমালয়ৰ নন্দী পৰ্বতত কঠোৰ ধ্যানত মগ্ন হ’ল। ইফালে অন্তৰ্যামী মহাদেৱে কন্যকাৰ ধ্যানৰ কথা গম পায়।কন্যকাৰ ওচৰ পাই মহাদেৱে তেখেতেৰ ধ্যান কৰাৰ উদ্দেশ্য সোধাত কন্যকাই মনৰ অভিলাষ ব্যক্ত কৰিলে। শিৱই সমীপত পাৰ্বতীক দেখি কন্যকাক পাৰ্বতীৰ সন্মতিৰ প্ৰয়োজনীয়তাৰ কথা ক’লে। কন্যকাই দেৱী পাৰ্বতীৰ চৰণত তেওঁৰ মনোকামনা ব্যক্ত কৰি অশ্ৰুজলৰে চৰণ সিক্ত কৰিলে। উত্তৰত দেৱী পাৰ্বতীয়ে কন্যকাক ক’লে যে কন্যকাই নিজৰ শৰীৰ অশ্ৰুজললৈ ৰূপান্তৰ কৰি ভৈৰৱীৰ ৰূপেৰে ব্ৰহ্মপুত্ৰত বিলীন হ’লেই শিৱক লাভ কৰিব পাৰিব। সেইমূহুৰ্তৰে পৰা কন্যকাই স্বশৰীৰক অশ্ৰুজললৈ ৰূপান্তৰ কৰি ভৈৰৱ বা “ভৰলী” ৰূপেৰে বহুপথ অতিক্ৰম কৰি শিৱৰ সান্নিধ্য লাভৰ বাবে আজিও দুৰ্বাৰ গতিৰে ধাৱমান।